Thursday 30 April 2015

(৬)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”


খণ্ড-৪

“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

By:- sogoodislam@gmail.com

---------------------------------------------------------------------------------------

—হজৰত ইব্রাহীমৰ(আঃ) বাকী তিনিবাৰ মক্কা আগমনৰ বিষয়ে ইবনু আব্বাস(ৰাঃ)ৰ বর্ণনাৰে সহীহ বুখাৰী শ্বৰীফত বর্ণিত হৈছে।
২) হজৰত ইছমাইলৰ(আঃ) যৌবন প্রাপ্তৰ পিছত তেওঁ জুৰহুম গোত্রৰ  এজন মানুহৰ পৰা আৰবী ভাষা উত্তম ভাৱে আয়ত্ব কৰিছিল। উক্ত গোত্রৰ এজনী মহিলাৰ লগত তেওঁৰ বিবাহ হয়। ইতিমধ্যে বিবি হাজেৰাৰ মৃত্যু হয়(ইন্না লিল্লাহি ……ৰাজিউন)।
সহধর্মিনী বিবি হাজেৰাৰ মৃত্যু পাছত হজৰত ইছমাইলৰ(আঃ) ঘৰত উপস্থিত হয়। কিন্তু  তেওঁৰ অনুপস্থিতিত পিতা-পুত্রৰ সাক্ষ্যাত নহ’ল। বোৱাৰীৰ লগত কথা বতৰাৰ প্রসঙ্গৰ মাজত বোৱাৰীয়েকে তেওঁলোকৰ সংসাৰিক অস্বচ্ছলতাৰ অভিযোগ আনে। ইয়াৰ উত্তৰত পুত্র হজৰত ইছমাইলৰ(আঃ) ঘূৰি আহিলে ক’বলৈ কয় যে ঘৰৰ দৰজাৰ চৌকাঠ যেন সলাই পেলায়। ঘৰলৈ ঘূৰি অহাৰ পিছত পিতাৰ উপদেশৰ তাৎপর্য্য উপলব্ধি কৰি তেওঁৰ(আঃ) স্ত্রীক তালাকদি জুৰহুম গোত্রৰ “মাযাজ” বিন আম্ৰৰ কন্যাক বিয়া কৰায়।
৩) হজৰত ইছমাইলৰ(আঃ) দ্বিতীয় বিবাহ পিছত হজৰত ইব্রাহীম(আঃ) পুনৰ মক্কালৈ যায়, কিন্তু এইবাৰও পুত্রৰ লগত তেওঁৰ(আঃ) সাক্ষাৎ নহ’ল। বোৱাৰীয়েকক সংসাৰ আদি কেনে চলিছে, খৱাবোৱাত কিবা অসুবিধা হৈছে নেকি বুলি শুধাত বোৱাৰীয়ে আল্লাহ তা’লাৰ শুক্ৰিয়া আদায় কৰি ক’লেযে আল্লাহ তা’লাই তেওঁলোকক যথেষ্ট দিছে, তেওঁলোকে পানী আৰু মাংস খায়। শশুৰেকে(আঃ) সন্তুষ্টি প্রকাশ কৰি দৰজাৰ চৌকাঠ স্থায়ী ৰাখিবলৈ কৈ মাংস আৰু পানীৰ বৰকত বাবে আল্লাহ তা’লাৰ ওচৰত দোৱা কৰিলে( “O Allah! bless their meat and water.”)। ইয়াৰ পিছত তেওঁ(আঃ) পুনৰ ফিলিস্তীনলৈ ঘূৰি যায়।

হজৰত মহম্মদে(দঃ) কৈছে যে সেই সময়ত তেওঁলোকৰ ঘৰত মাংসটো বাদেই খুদকন এটাওঁ নাছিল।আৰু যদি থাকিলে হেঁতেনো তথাপিওঁ ইয়াৰ বাবে হজৰত ইব্রাহীমে(আঃ) দোৱা কৰিল হেঁতেন। কাৰণ ইয়াৰ অবিহনে মক্কাত থকাটো বৰ কঠিন। (The Prophet (pbuh) added: “At that time they did not have grain, and if they had grain he would have also invoked Allah to bless it. If somebody has only these two things as his sustenance, his health and disposition will be badly affected unless he lives in Mecca.”)
–আগলৈ–next friday...in sha Allah...

No comments:

Post a Comment